Logo
image

সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবাণঃ লুৰীণে ক'লে, "সোণোৱালে অসমীয়া জাতিক বিশ্বাসঘাত কৰিলে"

'আমাৰ অসম'ৰ মাকুমৰ প্ৰতিবেদক, ২২মাৰ্চঃ মাকুম বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ উপস্থিতিত বৃহস্পতিবাৰে আয়োজিত জনসভাত সৰ্বানন্দ সোণোৱালক অসমীয়া জাতিৰ বিশ্বাসঘাতক বুলি আখ্যা দিয়ে। এই সভাত অসম জাতীয় পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল সমৰ্থিত কেইবাশতাধিক ৰাইজ উপস্থিত থাকে৷ সভাত বক্তব্য দাঙি ধৰি লুৰীণজ্যোতি গগৈয়ে সাম্প্ৰতিক সময়ত সকলোতকৈ অন্যায় কৰা ব্যক্তিগৰাকীয়ে সৰ্বানন্দ সোণোৱাল বুলি উল্লেখ কৰে৷ লগতে তেওঁ কয় যে পূৰ্বৰ সাংসদজন পলায়ন কৰাৰ দিনাই আমাৰ প্ৰথম জয় হৈছে আৰু বিৰোধীৰ হাতত ৬২% ভোট আছে৷ ইয়াক একত্ৰিত কৰাৰ দায়িত্ব ৰাইজৰ, আমাৰ সকলোৰে৷ ৩ লাখ অসম জাতীয় পৰিষদৰ, ৩ লাখ ২০ হাজাৰ কংগ্ৰেছ, নিৰ্দলীয় ৩০ হাজাৰ মুঠ ৬ লাখ ৬৮ হাজাৰ ভোট বিৰোধীৰ পক্ষত আছে৷ গতিকে জয় নিশ্চিত৷ ডিব্ৰুগড়ত নৰেন্দ্ৰ মোদী আহিলেও আমাক হৰুৱাব নোৱাৰে মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ 

আনহাতে শাসকীয় চৰকাৰখনৰ দিনত মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপিৰ বিৰুদ্ধে এতিয়া জনতাৰ বিদ্ৰোহ বাঢ়িছে৷ তেওঁ কয় যে মাত্ৰ হিতাধিকাৰীৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে বিজেপি দলটো ৷ আঁচনি আমাক লাগিব, কিন্তু অংগনবাড়ী কৰ্মীসকলে আজি নিজৰ প্ৰাপ্যৰ বাবে যুঁজিব লগা হৈ আছে ৷ ৰান্ধনীসকলক ১২০০ দি আছে, ১২০০ টকাই আজিৰ দিনত পৰিয়াল চলিব পাৰে নে?

লগতে তেওঁ সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে ডিব্ৰুগড়ত যিগৰাকী বিজেপিৰ প্ৰাৰ্থী আছে সেইগৰাকী নিমাতী কইনা বুলি সকলোৱে জানে। জনজাতিকৰণৰ কথা ক’লে দিল্লীত মনে মনে থাকে৷ ঘৰৰ কাষত থকা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ত আধাৰশিলাৰ বাহিৰে আজিলৈকে একো হোৱা নাই ৷ আমাৰ মাটি বাংলাদেশক দি দিছে। সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে বিধায়ক বনালে, সাংসদ বনালে, মন্ত্ৰী বনালে, মুখ্যমন্ত্ৰী বনালে৷ কিন্তু ডিব্ৰুগড়ক সোণোৱালে আজিলৈকে কি দিলে বুলি প্ৰশ্ন কৰে লুৰীণে। উল্লেখ্য যে নৱগঠিত মাকুম বিধানসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰে ব্যাপকতা লাভ কৰিলেও দুয়োগৰাকী নেতাই সাধাৰণ জনতাৰ পৰিৱৰ্তে দলীয় কৰ্মীৰ আৱেষ্টনীৰ মাজতহে অধিক সময় অতিবাহিত কৰা দেখা গৈছে ।